হীৰেন ভট্টাচাৰ্য (একাঁজলি শ্ৰদ্ধাঞ্জলি)
এটা মস্ত মদাহী.... কোনো এটা কাম ভালকৈ কৰিব নোৱাৰিলে সি... আজি এটা কালি এটা... মুঠতে এটা মস্ত পাগল । কাৰ কথা কৈছোঁ শুনি আধাই সাত জাপ মাৰিব আৰু অধাই কব-- "কথাটো হয় পিছে..."
কিন্তু, কথাতে কয় নহয় মৰাশ খালেও শগুনৰ এশটা গুণ আছে। হীৰুদাৰ কথাও তেনেই । নিজে কতো সহজে মনত লগাব নোৱাৰিলেও হেজাৰ হেজাৰ মানুহৰ মনক বন্দী কৰিছিল তেওঁ। কেঁচা মাটিৰ মলমলীয়া গন্ধ আছে তেওঁৰ কবিতাত যিয়ে টানি ধৰে পাঠকৰ মন আৰু প্ৰাণ। বিশ্বৰ সকলো প্ৰেমেই যেন পোৱা যায় তেওঁৰ কবিতাত -- প্ৰেম প্ৰকৃতিৰ, প্ৰেম দেশৰ,প্ৰেম মাটিৰ আৰু প্ৰেম প্ৰেমিকৰ।
হীৰুদা আজি নাই কিন্তু তেওঁ কবিতাৰ পথাৰ খনত সিচি থৈ গ'ল হেজাৰ জন হীৰেন ভট্টাচাৰ্য। প্ৰেৰণাৰ উৎস হৈ ৰল হেজাৰ হেজাৰ নামী অনামী কবিৰ ।
একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদিলো তেখেতল 🙏